Vacancy for contractual Post
June 19, 2023Quotation Notice Dated 27th June 2023
June 27, 2023
ৰাষ্ট্ৰীয় অধ্যয়ন দিৱসৰ উপলক্ষে গ্ৰন্থাগাৰিক গায়ত্ৰী বৰুৱাই অনুষ্ঠানটিৰ তাৎপৰ্য বৰ্ণনা কৰে। আনহাতে অসমীয়া বিভাগৰ অধ্যাপক ৰবি চাহুয়ে ৰাষ্ট্ৰীয় অধ্যয়ন দিৱসৰ লগত সংগতি ৰাখি ভাষণ আগবঢ়ায়। বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিনোদ শৰ্মা আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ প্ৰকাশ বসুমতাৰীয়ে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় অধ্যয়ন দিৱসৰ শুভেচ্ছা জনায়।
অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গ্ৰন্থৰ সম্পৰ্কে আলোচনা আগবঢ়ায়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থ অধ্যয়ন অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰে। অনুষ্ঠানৰ শেষত গ্ৰন্থাগাৰিকে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।
Source : https://www.asomiyapratidin.in/assam/national-readers-day-celebration
